সোণাৰি: জিলা প্ৰশাসনৰ উদ্যোগত সোণাৰিত অনুষ্ঠিত যোগ দিৱসত উপস্থিত মন্ত্ৰী যোগেন মহন আৰু বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ
সোণাৰি ৰাজহুৱা খেলপথাৰত সমগ্ৰ দেশৰ লগতে চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত আৰু ৰাষ্ট্ৰীয় আয়ুস মিছন, অসমৰ সহযোগত শুক্ৰবাৰে সাত বজাত চৰাইদেউ জিলাতো দশম সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদ্ যাপন কৰা হয়। সোণাৰি ৰাজহুৱা খেলপথাৰত আয়োজিত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত মন্ত্ৰী যোগেন মহন,বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ ,আয়ুক্ত নিবেদন দাস পাটোৱাৰী প্ৰমুখ্যে ভালেকেইজন লোকে অংশগ্ৰহণ কৰে।