সোণাৰি: বৰহাট সাহিত্য ভৱনত বৰহাট প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস পালন, উপস্থিত আপকুৰ চৰাইদেউ জিলা সমিতিৰ সম্পাদক গৌতম গগৈ
সোণাৰি বৰহাট সাহিত্য ভৱনত বৰহাট প্ৰেছ ক্লাৱৰ ১৫ সংখ্যক প্ৰতিষ্ঠা দিৱসটি শুক্ৰবাৰে ৪বজাত পালন কৰা হয়।পতাকা উত্তোলন কৰে বৰহাট প্ৰেছ ক্লাৱৰ সভাপতি ভাস্কৰ ভাজনীয়ে। বৰহাট প্ৰেছ ক্লাৱৰ সভাপতি ভাস্কৰ ভাজনীৰ পৌৰোহিত্যত অনুষ্ঠিত সভা খন আঁত ধৰে বৰহাট প্ৰেছ ক্লাৱৰ সম্পাদক ৰুস্তম গগৈয়ে।সভাত সাপেখাতী প্ৰেছ ক্লাৱৰ সভাপতি কেশৱ গগৈ, আপ্ কু চৰাইদেউ জিলা সমিতিৰ সম্পাদক গৌতম গগৈ,বৰহাট প্ৰেছ ক্লাৱৰ উপদেষ্টা সঞ্জীৱ গগৈ টাইপা, মুখপাত্ৰ নৱদ্বীপ বৰুৱাৰ প্ৰমুখ্যে কেইবাজনো লোকে অংশগ্ৰহণ কৰে