জাতীয় সংগ্ৰামী সেনাই ঘেৰাও কৰে শিৱসাগৰ জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয় বহু কেইটা গুৰুত্বপূৰ্ণ দাবীৰে
চিকিৎসকৰ অভাৱ পূৰণ কৰাকে আদি কৰি প্ৰায় পোন্ধৰ টা দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰি মুখ্যমন্ত্ৰী লৈ প্ৰেৰণ কৰিছে স্মাৰকপত্ৰ
দাবী সমুহ -
শিৱসাগৰ অসামৰিক চিকিৎসালয়ত অতি কমেও দুজন মেডিচিনৰ বিশেষজ্ঞ চিকিৎসক দিয়াৰ ব্যৱস্থা কৰা।
চিকিৎসালয়ত খালী হৈ থকা চিকিৎসক, নাৰ্ছ তথা অন্যান্য কাৰিকৰী পদসমূহত অতি শীঘ্ৰে পূৰণ কৰাৰ ব্যৱস্থা কৰা ।
শিৱসাগৰ অসামৰিক চিকিৎসালয়ত অন্তত এগৰাকী ৰেডিঅলজিষ্ট, এগৰাকী পেথলজিষ্ট আৰু এগৰাকী জেনেৰেল চিৰ্জন চিকিৎসক দিয়াৰ ব্যৱস্থা কৰা
চিকিৎসালয়ত যোৱা এপ্ৰিল মাহতে প্ৰায় ১ কোটি ৪৫ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি মুকলি কৰা "কম্পনেণ্ট ব্লাড পৃথকীকৰণ" ব্যৱস্থাৰ তাৎক্ষণিক ভাৱে ৰোগীক সুবিধা প্ৰদান কৰা
১০-১২ দিন অপেক্ষা কৰাৰ পৰিৱৰ্তে প্ৰতিদিনাই ৰোগীসকলে যাতে আলট্ৰাচাউণ্ড কৰিব পাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰা
এগৰাকী ৰোগীৰ জটিল স্বাস্থ্যজনিত সমস্যাৰ ক্ষেত্ৰত থকা Integrated Disease Surveillance Team ক অধিক কাৰ্য্যক্ষম কৰি তোলাৰ ব্যৱস্থা কৰা।
শিৱসাগৰ জিলাৰ প্ৰতিটো স্বাস্থ্যখণ্ডৰ গাণনিক সকলক জিলাৰ ভিতৰতে অতি কমেও ৩ বছৰৰ মূৰে মূৰে বদলি কৰাৰ ব্যৱস্থা কৰা
চিকিৎসালয়ৰ চৌহদৰ লগতে সন্মুখ তথা সমগ্ৰ জয়সাগৰ অঞ্চলৰ পৰা অবৈধ সুৰাৰ দোকান তথা মদৰ ঘাটিসমূহ উৎচ্ছেদ কৰা
শিৱসাগৰ নগৰৰ মাজমজিয়াত থকা মডেল চিকিৎসালয়খন ২৪ ঘণ্টাই ৰাইজৰ বাবে মুকলি কৰাৰ ব্যৱস্থা কৰা
শিৱসাগৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্য্যলয়ৰ লগতে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ঘটি থকা সকলো দূৰ্নীতি তথা অনিয়মৰ ওপৰত উচ্চ পৰ্যায়ৰ তদন্ত কৰাৰ ব্যৱস্থা কৰাকে আদি কৰি
কেইবাটাও গুৰুত্বপূৰ্ণ দাবীৰে জাতীয় সংগ্ৰামী সেনা শিৱসাগৰ জিলা সমিতিয়ে সাব্যস্ত কৰে প্ৰতিবাদ
#highlightseveryone
#followersreels