ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস উপলক্ষে ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ উদ্যোগত অহা ২৭ আগষ্টত সমগ্ৰ দেশজুৰি ‘খেলো ইণ্ডিয়া ডায়লগ’ কাৰ্যসূচী অনুষ্ঠিত হ’ব। এই কাৰ্যসূচীৰ জৰিয়তে দেশৰ যুৱক-যুৱতী, ক্ৰীড়াবিদ আৰু ছাত্ৰ-ছাত্ৰীসকলে ক্ৰীড়া সম্পৰ্কীয় বিভিন্ন বিষয়ত মত-বিনিময় কৰাৰ সুযোগ লাভ কৰিব। কাৰ্যসূচীৰ সময়ত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও যুৱক-যুৱতী, ক্ৰীড়াবিদ আৰু ছাত্ৰ-ছাত্ৰীৰ সৈতে ভাৰ্চুৱেল মাধ্যমেৰে মত-বিনিময় কৰিব।ওদালগুৰি জিলাতো অহা ২৭ আগষ্টত পুৱা ১০ বজাৰ পৰা ‘খেলো ইণ্ডিয়া ডায়লগ’ অনুষ্ঠিত হ’ব। জিলাখনৰ ওদালগুৰি মহাবিদ্যালয় আৰু ভেৰগাঁও মহাবিদ্যালয়ত এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই সন্দৰ্ভত মাই ভাৰতৰ ওদালগুৰি জিলা যুৱ বিষয়া অভিজিৎ যাদৱ আৰু ওদালগুৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ৰাজেন্দ্ৰ কুমাৰ বসুমতাৰীয়ে এখন সংবাদ মেল সম্বোধন কৰি জিলাখনৰ যুৱক-যুৱতী আৰু ছাত্ৰ-ছাত্ৰীসকলক এই কাৰ্যসূচীত উপস্থিত থাকি সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়।