২৫ নং পাকা বেতবাৰী সমষ্টিৰ কাৱৈমাৰী ১০ নং ব্লকৰ এআইইউডিএফ দলৰ নিষ্ঠাবান কৰ্মী আলেক উদ্দিনৰ বৃহস্পতিবাৰে বৰপেটা ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হয়। মৃত আলেক উদ্দিনৰ কাৱৈমাৰী ১০ নং ব্লকৰ ঘৰত শুক্ৰবাৰে এআইইউডিএফ দলৰ কেন্দ্ৰীয় উপ সভাপতি মিনাক্ষী ৰহমান উপস্থিত হৈ পৰিয়ালবৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে তেখেতৰ ৰূহৰ মাগফিৰাত আৰু জান্নাতবাসীৰ কামনা কৰে।