কলিয়াবৰ: নিৰ্বাচনৰ প্ৰাকক্ষণত আজি মিছাত বাহনৰ তালাচী অভিযান ফ্লায়িং স্কোৱাদ দলৰ আৰু আৰক্ষীৰ,উপস্থিত থাকে মহকুমা দণ্ডাধীশ
নিৰ্বাচনৰ প্ৰাকক্ষণত দেওবাৰে মিছাত বাহনৰ তালাচী অভিযান ফ্লায়িং স্কোৱাদ দল আৰু আৰক্ষীৰ। উপস্থিত থাকে মহকুমা দণ্ডাধীশ।২০২৪ ৰ লোকসভা নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱাৰ পিছতেই তৎপৰ হৈছে কলিয়াবৰ মহকুমা প্ৰশাসন। কলিয়াবৰৰ মিছাৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত ব্যক্তিগত বাহনৰ তন্ন-তন্নকৈ তালাচী অব্যাহত ৰাখিছে মিছা আৰক্ষীয়ে।নিৰ্বাচনৰ প্ৰকক্ষণত যাতে কোনো লোকে বুজন পৰিমাণৰ অবৈধ সুৰা আৰু টকা সৰবৰাহ কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিছে আৰক্ষী প্ৰশাসনে।