সোণাৰি: নিমনাগড়ত হেৰুওৱা মোবাইল ফোন উদ্ধাৰ কৰি মোবাইলৰ গৰাকীক চমজাই দিয়ে মথুৰাপুৰ আৰক্ষীয়ে
চৰাইদেউ জিলাৰ নিমনাগড়ত এগৰাকী মহিলাৰ হেৰুৱা মবাইল ফোন মথুৰাপুৰ আৰক্ষীয়ে উদ্ধাৰ কৰি মবাইলৰ গৰাকীক চমজাই দিয়ে ৷ উল্লেখ্য যে দেওবাৰে এগৰাকী মহিলাই সোণাৰি পৰা শিৱসাগৰ অভিমুখে গৈ থকা অবস্থাত নিজৰ মবাইল ফোন নিমনাগড়ত হেৰাই বুলি কৈ মথুৰাপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল ৷মথুৰাপুৰ আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত আজি মবাইল ফোন উদ্ধাৰ কৰি মবাইলৰ গৰাকীক চমজাই দিয়ে ৷