সোণাৰি: সোণাৰিত চৰাইদেউ জিলা বিজেপিৰ কাৰ্যালয়ত ক'লা দিৱস পালন, উপস্থিত বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মা
সোণাৰিত চৰাইদেউ জিলা বিজেপিৰ কাৰ্যালয়ত ক'লা দিৱস পালন। উপস্থিত বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মা।কংগ্রেছে সংবিধান অৱমাননা কৰি গণতন্ত্ৰ খৰ্ব কৰিছিল। কংগ্ৰেছ চৰকাৰে ক'লা আইন জাপি দি জনসাধাৰণৰ বাকস্বাধীনতা খর্ব কৰিছিল। কিন্তু এতিয়া বিজেপিয়ে গণতান্ত্রিক অধিকাৰক ন্যায্যতা প্ৰদান কৰিছে। এই মন্তব্য মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাৰ।