সোণাৰি: সোণাৰি পৌৰসভাত ১কোটি আত্মসাৎ কৰা শান্তনু সেনগুপ্তক সাতদিনৰ ভিতৰত তদন্তৰ আওঁতালৈ আনিবলৈ AJYCPৰ আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান
সোণাৰিত মঙ্গলবাৰে এক বজাত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ,চৰাইদেউ জিলা সমিতিয়ে চৰাইদেউ জিলাৰ আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰে।উল্লেখ্য যে বিগত ৬ মাহ পূর্বে সোণাৰি পৌৰ সভাৰ কৰ দাৰোগা শান্তনু সেনগুপ্তই এক কোটিৰো অধিক ৰাইজৰ কৰৰ ধন আত্মসাৎ কৰি পলায়ন কৰি আছে। ঘটনাৰ ৬ মাহ অতিক্রম কৰা সত্বেও আৰক্ষী প্রশাসনে পলাতক সেনগুপ্তক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। বিয়াগোম বিত্তীয় কেলেংকাৰীত জড়িত অনান্য বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে প্রশাসনে কোনো তদন্ত নাই কৰা বুলি সংগঠনটোয়ে অভিযোগ কৰিছে।