কমলপুৰৰ শিঙাৰপাৰা হাইস্কুল খেলপথাৰত অনুষ্ঠিত বিহু কৰ্মশালাত মঙলবাৰে বিয়লি প্ৰায় ৪ :৩০ বজাত উপস্থিত হয় বিধায়ক দিগন্ত কলিতা ।তদুপলক্ষে সমবেত প্ৰশিক্ষাৰ্থী সকলৰ সৈতে মত বিনিময় কৰাৰ লগতে উদ্গনীমূলক বক্তৱ্য ৰাখে বিধায়ক গৰাকীয়ে ।আনহাতে ইয়াৰ পূৰ্বে আয়োজক সমিতিৰ ফালৰ পৰা বিধায়ক গৰাকীক ফুলাম গামোচাৰে উষ্ম আদৰণি জনোৱা হয়।