সোণাৰি: চৰাইদেউত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে বিজেপি জিলা মহিলা মৰ্চাৰ সভানেত্ৰীয়ে
ভাৰতীয় জনতা পাৰ্টি চৰাইদেউ জিলা মহিলা মৰ্চাৰ অন্তৰ্গত সোণাৰি সমষ্টিৰ সোণাৰি মণ্ডলৰ মহিলা মৰ্চাৰ সভানেত্ৰী ৰীংকু চলিহা নায়কৰ সভাপতিত্ব ১৫২,১৫৩,১৫৪,১৫৫ নং বুথত যোৰহাট লোকসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টি ২ য় বাৰৰ বাবে প্ৰাৰ্থী তপন কুমাৰ গগৈক বিপুল ভোটত জয়ী কৰাৰ লক্ষ্যৰে নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয়। লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তৃতীয় বাৰৰ বাবে প্ৰধানমন্ত্ৰী পাতিবলৈ মহিলা আই মাতৃ সকলেও আগবাঢ়ি ওলাই আহিছে উন্নয়নৰ যাত্ৰাত ।