সোণাৰি: নাহৰহাবি চাহ বাগিচাত নিৰ্বাচনী প্ৰচাৰসভাৰ প্ৰস্তুতিৰ বুজ ল'লে কেবিনেট মন্ত্ৰী যোগেন মহনে
চৰাইদেউ জিলাৰ সোণাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত নাহৰহাবি চাহবাগিচাৰ আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত উপস্থিত হৈ আজি সন্ধিয়া অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনে অহা শুক্ৰবাৰে অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনী প্ৰচাৰসভাৰ প্ৰস্তুতিৰ বুজ লয় ৷ এই নিৰ্বাচনী সভাত অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই যোৰহাট লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তথা সাংসদ তপন কুমাৰ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব ৷