অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু ওদালগুৰি জিলা প্ৰশাসনৰ সহযোগত ওদালগুৰিৰ লাইফ চেঞ্জ এনজিঅই আয়োজন কৰা ১৫ দিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। উত্তৰ বৰপুখুৰী মধ্য ইংৰাজী বিদ্যালয়ত ওদালগুৰি বিধানসভা সমষ্টি ভিত্তিত অনুষ্ঠিত উক্ত ১৫ দিনীয়া গ্ৰীস্মকালীন কৰ্মশালাত সত্ৰীয়া নৃত্য , ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ গীত আৰু গীতৰ নৃত্যক সাঙুৰি লোৱা হৈছে।