ডিফু: ডিফুত ২৮ নৱেম্বৰৰ পৰা 'আদা উৎসৱ ২.০', বিশ্ব বজাৰলৈ কাৰ্বি পাহাৰৰ আদা
কাৰ্বি পাহাৰৰ জিআই টেগপ্ৰাপ্ত আদাক বিশ্ব বজাৰত প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে ২৮ নৱেম্বৰৰ পৰা ডিফুৰ পাঁচ মাইলত দুদিনীয়াকৈ অনুষ্ঠিত হ’ব 'আদা উৎসৱ ২.০'। দেশৰ আগশাৰীৰ কোম্পানীৰ অংশগ্ৰহণেৰে এই উৎসৱে কাৰ্বি আংলঙৰ কৃষি অৰ্থনীতি শক্তিশালী কৰাৰ লগতে কৃষকক নতুন বজাৰৰ সন্ধান দিব।