সোণাৰি: মথুৰাপুৰত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ সভা, সাংসদ তপন কুমাৰ গগৈৰ অংশগ্ৰহণ
১৯ এপ্ৰিলত হ'ব লগা লোকসভা নিৰ্বাচনৰ বাবে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে যোৰহাট লোকসভা সমষ্টিৰ পঞ্চায়তে পঞ্চায়তে প্ৰচাৰ চলাইছে। আজি ডিমৌ সমষ্টিৰ বিভিন্ন পঞ্চায়তত আয়োজন কৰা কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি সন্ধিয়া ৬ বজাত মাহমৰা বিধানসভা সমষ্টিৰ মথুৰাপুৰ পূজা ফিল্ডত আয়োজন কৰা আন এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে তপন কুমাৰ গগৈয়ে। তেওঁৰ লগতে সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা উপস্থিত থাকে।