সোণাৰি: কাইলৈ লক্ষীমপুৰ আৰু তিনিচুকীয়াত প্ৰচাৰ চলাব গৃহ মন্ত্ৰী অমিত শ্বাহেঃ সাপেখাতীত জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
চৰাইদেউৰ সাপেখাতীত ৰাইজৰ সৈতে নাচি- বাগি বিজেপিৰ বিজয় সংকল্প সমাৱেশত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰ সৈতে মুখামুখিঢ়হৈ কয়, আজিৰ দিনলৈকে বিজেপিয়ে ১৩ খন আসনত জয়লাভ কৰিছে। যোৰহাটত তপন কুমাৰ গগৈ ৩ লাখ ভোটত জয়ী হ'ব । কাইলৈ গৃহমন্ত্ৰী অমৃত শ্বাহে লক্ষীমপুৰ আৰু তিনিচুকীয়াত প্ৰচাৰ চলাব বুলিও কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।