২৬ নিৰীহই প্ৰাণ হেৰুওৱাৰ পাছত গা লৰিল স্বাস্থ্য বিভাগৰ। অৱশেষত কঁহৰাৰ শ্বহীদ বেজা বৈষ্ণৱ আদৰ্শ চিকিৎসালয়ৰ পৰা আঁতৰোৱা হ'ল আৰক্ষীৰ বেৰেক। হায়াৎ চিকিৎসালয় নিৰ্মাণৰ বাবে কঁহৰাৰ চিকিৎসালয়খনত বাহৰ পাতি আছিল আৰক্ষীৰ দলটো। কাজিৰঙাৰ দুৰ্ঘটনাই পোহৰলৈ আনিলে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ আন এখন পয়ালগা ছবি।