সোণাৰি: শুক্ৰবাৰে সোণাৰি বাছ আস্থানত বাছ চালক, স্থানীয় ব্যৱসায়ীৰ সৈতে মত-বিনিময় বিধায়ক অখিল গগৈৰ
শুক্ৰবাৰে পুৱা ১০ বজাত বিধায়ক অখিল গগৈয়ে বিৰোধী মিত্ৰজোঁটৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিবলৈ সোণাৰি হৈ নামৰূপলৈ গৈ থকা অৱস্থাত সোণাৰি বাছ আস্থানৰ চালক আৰু স্থানীয় ব্যৱসায়ী সকলৰ লগত মত-বিনিময় কৰে। লগতে বাছ আস্থানত থকা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কৰ্মকৰ্তা দীপেন বৰুৱাৰ ভাতৰ হোটেলত পুৱাৰ আহাৰ গ্ৰহণ কৰে ।