সোণাৰি: লাকুৱা জামে মছজিদত ৰাজহুৱা ইফটাৰ, উপস্থিত থাকে আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱা
লাকুৱা জামে মছজিদত বৃহস্পতিবাৰে ৬ বজাত পৱিত্ৰ ৰমজান উপলক্ষে মছজিদ পৰিচালনা সমিতিয়ে এক ৰাজহুৱা ইফটাৰৰ আয়োজন কৰে। ইছলাম ধৰ্মাৱলম্বী লোকৰ এই পৱিত্ৰ ইফটাৰত অঞ্চলটোৰ জাতি ধৰ্ম নিৰ্বিশেষে বহুলোকে অংশ গ্ৰহণ কৰে। ইফটাৰ অনুষ্ঠানটোত আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱাই উপস্থিত থাকি ৰাইজৰ সৈতে মত-বিনিময় কৰে।