মাহমৰা: মাহমৰাৰ পাটসাঁকোত নিৰ্বাচনী প্ৰচাৰসভাত উপস্থিত থাকে সাংসদ গৌৰৱ গগৈ, বিধায়ক দেৱব্ৰত শইকীয়া
চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ নিজখালৈঘুগুৰা পঞ্চায়তৰ অন্তৰ্গত পাটসাঁকোত আজি সন্ধিয়া কংগ্ৰেছ দলৰ নিৰ্বাচনী প্ৰচাৰসভাত উপস্থিত থাকে যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী তথা কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ ৷ এই সভাত নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়া, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক উৎপল গগৈ, অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সম্পাদক মানিক গগৈ, চৰাইদেউ জিলা যুৱ কংগ্ৰেছৰ সভাপতি গকুল গগৈ, মাহমৰা ব্ল'ক কংগ্ৰেছ কমিটিৰ সভাপতি কেশৱ গগৈৰ আদি উপস্থিত থাকে ৷