মাহমৰা: মৰাণহাটৰ নাট্যমন্দিৰত বিজেপিৰ প্ৰচাৰ সভা অনুষ্ঠিত, উপস্থিত কেবিনেট মন্ত্ৰী যোগেন মহন
মৰাণহাটত অৱস্থিত মিলিত শিল্পী সমাজৰ নাট্যমন্দিৰত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহনৰ উপস্থিতিত এখনি দলীয় প্ৰচাৰ সভা অনুষ্ঠিত হয় ৷ সভাত মৰাণ পৌৰসভাৰ পৌৰপতি অৰূপ দত্ত, দেউৰী স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী ভৈৰৱ দেউৰী, জিলা বিজেপিৰ সভাপতি লক্ষীনাথ তাচা, মৰাণ মণ্ডল বিজেপিৰ সভাপতি কমল চেতিয়াকে ধৰি বহুসংখ্যক দলীয় বিষয়ববীয়া উপস্থিত থাকে ৷