মাহমৰা: ভৰালীপুখুৰীত মণ্ডল কংগ্ৰেছৰ সভানেত্ৰীসকলৰ মত বিনিময় অনুষ্ঠানত উপস্থিত থাকে কংগ্ৰেছৰ ৰাজ্যিক সাধাৰণ সম্পাদক উৎপল গগৈ
চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত ভৰালীপুখুৰীত আজি দুপৰীয়া মাহমৰা ব্ল'ক মহিলা কংগ্ৰেছ কমিটিৰ অন্তৰ্গত বিভিন্ন মণ্ডলসমূহৰ সভানেত্ৰীসকলৰ সৈতে আগন্তুক লোকসভা নিৰ্বাচন সম্পৰ্কত এক মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হয় ৷ এই অনুষ্ঠানত অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ সাধাৰণ সম্পাদক উৎপল গগৈ, মাহমৰা ব্ল'ক কংগ্ৰেছৰ সভাপতি কেশৱ গগৈ, মাহমৰা ব্ল'ক মহিলা কংগ্ৰেছৰ সভানেত্ৰী বিজয়া চাৰিঙীয়াৰ লগতে আন আন বিষয়ববীয়াসকল উপস্থিত থাকে ৷