নগাঁও: নিয়োগ বিনিময় কেন্দ্ৰৰ দ্বাৰা জিলা কাৰ্যালয়ৰ প্ৰাংগনত নিবনুৱা সকলক সংস্থাপন দিয়াৰ উদ্দেশ্যে এক নিয়োগ মেলাৰ আয়োজন
Nagaon, Nagaon | Sep 15, 2025 নগাঁও নিয়োগ বিনিময় কেন্দ্ৰৰ দ্বাৰা নগাঁৱৰ নিবনুৱা সকলক সংস্থাপন দিয়াৰ উদ্দেশ্যে এক নিয়োগ মেলাৰ আয়োজন কৰা হয়। নগাঁৱৰ ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানত আয়োজিত এই নিয়োগ মেলাত ৩৭২ গৰাকী প্ৰাৰ্থীয়ে ব্যক্তিগত প্ৰতিষ্ঠানত নিযুক্তি লাভৰ উদ্দেশ্যে সাক্ষাৎকাৰত অৱতীৰ্ণ হয়। ইয়াৰে ৬০ গৰাকী প্ৰাৰ্থীক সাক্ষাৎকাৰৰ অন্তত নিৰ্বাচিত কৰা হয়। নগাঁও নিয়োগ বিনিময় কেন্দ্ৰৰ এই প্ৰয়াসক ভূয়সী প্ৰশংসা কৰে নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই। জিলা আয়ুক্ত গৰাকীয়ে লগতে যুৱ প্ৰজন্মক চৰকাৰী চাকৰি মুখী নহ