গহপুৰ সমজিলাৰ অন্য এখন পাহাৰীয়া খৰস্ৰোতা নৈ সোলেঙীয়ে সোমবাৰে পুৱতি নিশাই বিধ্বংসী ৰূপ ধাৰণ কৰা ফলত বহুকেইখন গাঁৱৰ ৰাইজৰ যাতায়াত ব্যাহত হৈ পৰিছে।
এসময়ত গহপুৰৰ চকুপানী স্বৰূপ হৈ পৰা সোলেঙী নৈয়ে বুধবাৰে পুৱতি নিশা ৪১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা এন চি সোণাপুৰ সংযোগী পথত থকা পকী দলঙৰ পুৱ দিশৰ বৃহৎ অংশ এটা খহাই নি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিলে।
এন চি সোনাপুৰ, মধ্য সোণাপুৰ, উত্তৰ সোনাপুৰ, সোনাপুৰ ফৰেষ্ট, ৰঙাজান, ননকে সোলেঙী, ব্ৰহ্মপুৰকে ধৰি প্ৰায় ২০/৩০খন গাঁৱৰ ৰাইজৰ যাতায়াতৰ প্ৰধান পথটোৰ বৃহৎ অংশ চিগাৰ ফলত উপৰোক্ত অঞ্চল সমূহৰ ৰাইজৰ যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে।
সোলেঙী নৈৰ ওপৰত থকা দলং খনৰ নিৰ্মাণত জড়িত ঠিকাদাৰৰ লগতে অভিযন্তাৰ চুড়ান্ত হেমাহী আৰু গাফিলটিৰৰ বাবেই বৃহত্তৰ অঞ্চলৰ ৰাইজে বৰ্তমান যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভূগিব লগা পৰিস্থিতিৰ উদ্ভৱ হ'ল।
সোলেঙী নৈৰ ওপৰত থকা দলং খনৰ পুৱ দিশৰ অংশ চিগি যোৱাত বিশেষকৈ সোমবাৰৰ দিনটোত বহু সংখ্যক ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীয়ে বিদ্যালয়লৈ যাব নোৱাৰিলে।
সদাব্যস্ত পথটোৰ অংশটো সোলেঙী নৈয়ে চিঙি পেলোৱাৰ বাবে এতিয়া উপৰোক্ত অঞ্চলৰ ৰাইজে নতুন সোণাপুৰ হৈ অসম অৰুনাচল প্ৰদেশ সীমান্তৰ ৰাজগড় আলি নতুবা টিঙালিবড়ি, ৰজাবাৰী হৈ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথেৰেহে গহপুৰৰ লগতে চিকিৎসালয়, স্কুল কলেজলৈ যাতায়াত কৰিব পাৰিব।গহপুৰ সমজিলাৰ অন্য এখন পাহাৰীয়া খৰস্ৰোতা নৈ সোলেঙীয়ে সোমবাৰে পুৱতি নিশাই বিধ্বংসী ৰূপ ধাৰণ কৰা ফলত বহুকেইখন গাঁৱৰ ৰাইজৰ যাতায়াত ব্যাহত হৈ পৰিছে।
এসময়ত গহপুৰৰ চকুপানী স্বৰূপ হৈ পৰা সোলেঙী নৈয়ে বুধবাৰে পুৱতি নিশা ৪১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা এন চি সোণাপুৰ সংযোগী পথত থকা পকী দলঙৰ পুৱ দিশৰ বৃহৎ অংশ এটা খহাই নি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিলে।
এন চি সোনাপুৰ, মধ্য সোণাপুৰ, উত্তৰ সোনাপুৰ, সোনাপুৰ ফৰেষ্ট, ৰঙাজান, ননকে সোলেঙী, ব্ৰহ্মপুৰকে ধৰি প্ৰায় ২০/৩০খন গাঁৱৰ ৰাইজৰ যাতায়াতৰ প্ৰধান পথটোৰ বৃহৎ অংশ চিগাৰ ফলত উপৰোক্ত অঞ্চল সমূহৰ ৰাইজৰ যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে।
সোলেঙী নৈৰ ওপৰত থকা দলং খনৰ নিৰ্মাণত জড়িত ঠিকাদাৰৰ লগতে অভিযন্তাৰ চুড়ান্ত হেমাহী আৰু গাফিলটিৰৰ বাবেই বৃহত্তৰ অঞ্চলৰ ৰাইজে বৰ্তমান যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভূগিব লগা পৰিস্থিতিৰ উদ্ভৱ হ'ল।
সোলেঙী নৈৰ ওপৰত থকা দলং খনৰ পুৱ দিশৰ অংশ চিগি যোৱাত বিশেষকৈ সোমবাৰৰ দিনটোত বহু সংখ্যক ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰীয়ে বিদ্যালয়লৈ যাব নোৱাৰিলে।
সদাব্যস্ত পথটোৰ অংশটো সোলেঙী নৈয়ে চিঙি পেলোৱাৰ বাবে এতিয়া উপৰোক্ত অঞ্চলৰ ৰাইজে নতুন সোণাপুৰ হৈ অসম অৰুনাচল প্ৰদেশ সীমান্তৰ ৰাজগড় আলি নতুবা টিঙালিবড়ি, ৰজাবাৰী হৈ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথেৰেহে গহপুৰৰ লগতে চিকিৎসালয়, স্কুল কলেজলৈ যাতায়াত কৰিব পাৰিব।
#public #friends #highlights #news #viral #reels #everyone #facebook #Gohpur