সোণাৰি: সোণাৰিত পৌৰসভাৰ ৱাৰ্ড সদস্যৰ পুত্ৰৰ বিৰুদ্ধে শৌচাগাৰ নিৰ্মাণৰ নামত অনিয়ম সংঘটিত কৰাৰ অভিযোগ হিতাধিকাৰীৰ
সোণাৰিত পৌৰসভাৰ ৱাৰ্ড সদস্যৰ পুত্ৰৰ বিৰুদ্ধে শৌচাগাৰ নিৰ্মাণৰ নামত অনিয়ম সংঘটিত কৰাৰ অভিযোগ বুধবাৰে তিনি বজাত ৰাইজে দুৰ্নীতিৰ অভিযোগ কৰিছে।উল্লেখ্য যে সোণাৰি পৌৰ এলেকাত বসবাস কৰা দৰিদ্ৰ হিতাধিকাৰীৰ নামত আৱন্টন পোৱা শৌচাগাৰ সোণাৰি পৌৰ এলেকাৰ ১৩ নং ৱাৰ্ডৰ ছয়টা পৰিয়ালে লাভ কৰিছিল একোটাকৈ শৌচাগাৰ । দৰিদ্ৰ পৰিয়াল কেইটাক শৌচাগাৰ নিৰ্মাণ কৰি দিয়াৰ দায়িত্ব লয় ৱাৰ্ড মেম্বাৰ গৰাকী তথা তেওঁৰ পুত্ৰই । শৌচাগাৰ কেইটাৰ কোনো টেংকীৰ ব্যৱস্থা নথকাত ৰাইজে দুৰ্নীতিৰ অভিযোগ কৰিছে।