বাক্সা: শালবাৰীত বিপিএফৰ যোগদান সভা অনুষ্ঠিত, অৰ্ধ শতাধিক ইউপিপিএল আৰু বিজেপি কৰ্মীৰ বিপিএফত যোগদান
Baska, Baksa | Aug 22, 2025 বাক্সা জিলাৰ শালবাৰী মহকুমা সদৰস্থিত শালবাৰী জিলা বিপিএফৰ কাৰ্যালয়ত আজি শালবাৰী প্ৰায়মাৰী বিপিএফৰ উদ্যোগত বিপিএফ দলৰ এখনি যোগদান সভা অনুষ্ঠিত হয়। শালবাৰী প্ৰাইমাৰী বিপিএফৰ সভাপতি অতুল চন্দ্র বড়োৰ সভাপতিত্বত অনুষ্ঠিত হোৱা যোগদান সভাত ইউপিপিএল আৰু বিজেপিৰ অৰ্ধশতাধিক কৰ্মীয়ে বিপিএফ দলৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আনুষ্ঠানিকভাৱে বিপিএফত যোগদান কৰে।