শুকুৰবাৰে দিনৰ ১২মান বজাত তামুলপুৰৰ কছুবাৰীস্থ শ্ৰীশ্ৰী গোপাল আৰু জগন্নাথ থান সত্ৰত অনুষ্ঠিত হয় আন্তৰ্জাতিক সমবায় বৰ্ষ ২০২৫ উপলক্ষে সজাগতা সভা।বিটিচিৰ সমবায় বিভাগ আৰু জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত হোৱা সভাখনত উপস্থিত থাকে জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তী,বিটিচিৰ ইএম ধৰ্ম নাৰায়ণ দাস, পাৰিষদ হেমন্ত ৰাভাই।জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা আহি সজাগতা সভাখনত অংশ লয়।