নিউবঙাইগাঁও এন এফ ৰে’লৱে ৱৰ্কশ্বপত সমন্বয় বৈঠক, এলএইচবি কোচৰ মেজৰ অ’ভাৰহ’লিংৰ কিম আৰম্ভ হব ।
নিউবঙাইগাঁও স্থিত এন এফ ৰে’লৱে ৱৰ্কশ্বপত এন এফ ৰে’লৱেৰ প্ৰিন্সিপাল চীফ মেকানিকেল ইঞ্জিনিয়াৰ উত্তম প্ৰকাশ (Uttam Prakash, PCME/NFR)-ৰ সভাপতিত্বত এখন গুৰুত্বপূৰ্ণ সমন্বয় বৈঠক অনুষ্ঠিত হয়।
বৈঠকত এন এফ ৰে’লৱেৰ বিভিন্ন বিভাগীয় ইউনিট আৰু ৱৰ্কশ্বপৰ বিষয়াসকল উপস্থিত থাকি কোচ আৰু ৱেগনৰ ৰক্ষণাবেক্ষণ, কাৰিকৰী সমস্যা, আন্তঃবিভাগীয় সমন্বয় আৰু উন্নয়নমূলক বিষয়সমূহৰ ওপৰত বিস্তৃত আলোচনা কৰে। বৈঠকত সমস্যাসমূহৰ দ্ৰুত সমাধান আৰু সমন্বয় অধিক শক্তিশালী কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়।
উত্তম প্ৰকাশে জনোৱা মতে, প্ৰথমবাৰৰ বাবে নিউবঙাইগাঁও ৱৰ্কশ্বপত ১২ বছৰৰ মেয়াদ পূৰ্ণ কৰা এলএইচবি (LHB) কোচৰ মেজৰ অ’ভাৰহ’লিং আৰম্ভ কৰা হৈছে। ভাৰতীয় ৰে’লৱেৰ মাত্ৰ কেইখনমান মনোনীত ৱৰ্কশ্বপৰ ভিতৰত নিউবঙাইগাঁও অন্যতম। অহা এক সপ্তাহৰ ভিতৰত প্ৰথমখন এলএইচবি কোচৰ মেজৰ মে�