ধনশ্ৰী বন সংমণ্ডলৰ উদ্যোগত আজি ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ডৰ ভাৰত-ভূটান সীমান্তত অমৃত বৃক্ষ আন্দোলন ৩.০ ৰ শুভাৰম্ভ কৰাৰ লগতে জন্মদিন সেউজ শপত উদ্যানৰ শুভাৰম্ভ কৰা হয়। অনুষ্ঠানত উপস্থিত থাকি অসম চৰকাৰৰ পৰিৱহন আৰু বড়োলেণ্ড কল্যান বিভাগৰ মন্ত্ৰী চৰণ বড়োৱে এই কাৰ্য্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে | আজিৰ এই অনুষ্ঠানত ওদালগুৰিৰ জিলা আয়ুক্ত পুলক পাটগিৰি, ধনশ্ৰী বন সংমণ্ডলৰ বন প্ৰাধিকাৰী জয়ন্ত কুমাৰ ব্ৰহ্ম, মাজবাট ৰেঞ্চৰ ৰেঞ্জাৰ বাৰেন বড়ো বাৰেন বড়ো , সদৰ বিট কাৰ্য্যালয়ৰ বিষয়া বিবুংশা বাগলাৰীৰ লগতে এছ এছ বি আৰু বন বিভাগৰ বিষয়া সকল উপস্থিত থাকে