মৰিগাঁৱত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপনৰ প্ৰস্তুতি সভা
অহা ২১ জুনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। এই দিৱস উদযাপনৰ বাবে মৰিগাঁও জিলাত ৰাষ্ট্ৰীয় আয়ুষ মিছন আৰু মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত প্ৰস্তুতি চলোৱা হৈছে। আজি এই সন্দৰ্ভত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা আয়ুক্ত অনামিকা তেৱাৰীৰ সভাপতিত্বত এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত জিলা আয়ুক্তগৰাকীয়ে দিৱস উদযাপনৰ প্ৰস্তুতিৰ বুজ লোৱাৰ লগতে বিদ্যালয়সমূহৰ ছাত্ৰ-ছাত্ৰীক যোগাভ্যাসৰ প্ৰতি আকৰ্ষিত কৰোৱা সন্দৰ্ভত বিতংভাৱে আলোচনা কৰে। উল্লেখ্য যে প্ৰতি বছৰৰ দৰে এইবাৰো মৰিগাঁও আৰক্ষী নিৱেশৰ অভ্যাসগৃহত জিলা পৰ্যায়ৰ যোগ দিৱস উদযাপনৰ দিহা কৰা হৈছে। ইয়াৰ পূৰ্বে ২০ জুনত যোগ দিৱসৰ সৈতে সংগতি ৰাখি জিলা পৰ্যায়ৰ যোগ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ১০ বছৰ বয়সলৈকে, ১০ ৰ পৰা ১৮ বছৰ বয়সলৈকে, ১৮ৰ পৰা ৩৫ বছৰ বয়সলৈকে আৰু ৩৫ উৰ্ধৰ বাবে মুঠ চাৰিটা শাখাত প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। মৰিগাঁৱৰ পবিতৰা হাট প্ৰেক্ষাগৃহত এই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আজিৰ সভাত জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া, অতিৰিক্ত আৰক্ষী অধীক্ষক, অতিৰিক্ত জিলা আয়ুক্ত (স্বাস্থ্য), এছ এছ আৰ ডি পিৰ সঞ্চালক, স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক, আয়ুষৰ জিলা নডেল বিষয়া আৰু বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত আছিল।