সোণাৰি: সোণাৰিৰ নাফুকত বাঘৰ আক্ৰমণত আহত এজন,আহত লোকজনক চৰাইদেউ জিলা চিকিৎসালয় ত ভৰ্তি কৰোৱা হয়
সোণাৰিত বাঘৰ আক্ৰমণত এজন আহত। নাফুক চাহ বাগিচাত সংঘটিত এই ঘটনা। নাফুক চাহ বাগিচাৰ সুৰুজ কুৰ্মী নামৰ চৰ্দাৰজনক আক্ৰমণ কৰিলে বাঘে। গুৰুতৰভাৱে আহত লোকজনক সম্প্ৰতি চৰাইদেউ জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে চিকিৎসাৰ বাবে। বাগিচাখনত দীৰ্ঘদিন ধৰি সন্ত্ৰাস চলায় আহিছে বাঘে।