সোণাৰি: তপন গগৈ হাৰিলে মই ৰাজনীতি বাদ দিম,নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি সোণাৰিত এই মন্তব্য মন্ত্ৰী পীয়ুষ হাজৰিকাৰ
যোৰহাট লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে মন্ত্ৰী পীয়ুষ হাজৰিকা। সোমবাৰে মন্ত্ৰী পীয়ুষ হাজৰিকাই নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি কয় যে, তপন গগৈ নিৰ্বাচনত হাৰিলে মই ৰাজনীতি বাদ দিম।