সোণাৰি: সোণাৰীত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ উপস্থিতিত NSUI-ৰ ৰাজ্যিক সদস্যৰ বিজেপি দলত আনুষ্ঠানিক যোগদান
চৰাইদেউ জিলাৰ সোণাৰীস্থিত জিলা বিজেপিৰ কাৰ্যালয়ত মঙলবাৰে সোণাৰী সমষ্টিৰ কংগ্ৰেছ দলৰ সক্ৰিয় কৰ্মী তথা NSUI-ৰ ৰাজ্যিক সদস্য পাৰ্থপ্ৰতীম ঢেকিয়াল ফুকনে বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰে ৷ এই যোগদান কাৰ্যসূচীত সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, চৰাইদেউ জিলা বিজেপিৰ সভাপতি লক্ষীনাথ তাচাসহ জিলা সমিতিৰ আন আন বিষয়ববীয়াসকল উপস্থিত থাকি পাৰ্থপ্ৰতীম ঢেকিয়ালফুকনক বিজেপি দললৈ উষ্ম আদৰণি জনায় ৷