সাপেখাতী: আহুখাত পঞ্চায়তৰ৭৬নং বুথত প্ৰতিকূল বতৰকো নেওচি মহিলা মৰ্চাৰ উদ্যোগত বিজেপি নিৰ্বাচনী প্ৰচাৰ তুংগত
আহুখাত পঞ্চায়তৰ ৭৬নং বুথত বৰহাট মণ্ডলৰ মহিলা মৰ্চাৰ উদ্যোগত প্ৰতিকূল বতৰকো নেওচি দেওবাৰে আবেলি ১২বজাত এখন নিৰ্বাচনী সভা অনুষ্ঠিত হয়।সভাত মহিলা মৰ্চাৰ সভানেত্ৰী সংগীতা গগৈ,প্ৰভাৰী অনিতা গগৈ,সম্পাদিকা ৰিমা গগৈ,বুথ সভাপতি কিৰণ বৰগোঁহাই প্ৰমুখ্যে কেইবাজনো বিশিষ্ট লোকে অংশগ্ৰহণ কৰি ৰাইজক যোৰহাট লোক সভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈক ভোট দিবলৈ আহ্বান জনায়।