মৰিগাঁও: লাহৰীঘাটত মুখ্যমন্ত্ৰী উদ্যমিতা আচঁনিৰ চেক বিতৰণ কৰে মন্ত্ৰী কৌশিক ৰায়ে
লাহৰীঘাটত মুখ্যমন্ত্ৰী উদ্যমিতা আচঁনিৰ চেক বিতৰণ কৰে মন্ত্ৰী কৌশিক ৰায়ে । আজি মৰিগাঁও জিলাৰ লাহৰীঘাটত মূখ্যমন্ত্ৰী মহিলা উদ্যমিতা আচঁনিৰ চেক বিতৰণ কৰা হয়। চেক বিতৰণ কাৰ্যসূচীত উপস্থিত থাকে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী তথা মৰিগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী কৌশিক ৰায়। লাহৰীঘাট সমষ্টিৰ ১৬,৫১৫ গৰাকী মহিলাক আজি প্ৰদান কৰে মুখ্যমন্ত্ৰী উদ্যমিতা আচঁনিৰ চেক। মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ চেক লাভ কৰি মহিলা সকলে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে।