সাপেখাতী: সাপেখাতীৰ সাপ্তাহিক বজাৰ সমীপত ৰাজহুৱা সভা সম্পন্ন
সাপেখাতীৰ সাপ্তাহিক বজাৰ সমীপত এখন ৰাজহুৱা সভা দেওবাৰে চাৰি বজাত সমাজকৰ্মী মোহন বৰুৱাৰ পৌৰোহিত্বত অনুষ্ঠিত হয়।উদ্দীয়মান যুৱক বিজিৎ টিপমীয়াই আঁত ধৰা সভাত সাপেখাতী অঞ্চলৰ অধিকাংশ যুৱকে অংশগ্ৰহণ কৰা সভাত সামাজিক, অৰ্থনৈতিক নিৰাপত্তা, সাংস্কৃতিক, শৈক্ষিক দিশত আলোচনা কৰা হয়।আনহাতে উক্ত সভাতেই হেমন্ত গগৈক সভাপতি আৰু বিজিৎ টিপমীয়াক সম্পাদক হিচাবে লৈ ৫১জনীয়া সাপেখাতী বৃহত্তৰ যুৱ সমাজ নামৰ এখন সমিতি গঠন কৰা হয়।