সাপেখাতী: বৰহাটৰ পূব নলবৰীয়াত মাঘ ঘট পূজা উদযাপন
পূব নলবৰীয়াত চাওঁতালী জনগোষ্ঠী ৰাইজৰ উদ্যোগত চাওঁতালী জনগোষ্ঠীৰ মাঙ্গলিক নীতি-নিয়মৰে মাঘ ঘট পূজা উদযাপন কৰা হয়। ঘট পূজাত মাঝি বাবা,নাইকে বাবা,পাৰাণিক বাবা,জগমাঝি বাবা,কুড়াম নাইকে বাবা লগতে আতু গেৰামৰ ৰাইজ উপস্থিত থাকে। পূজাত চাওঁতাল উন্নয়ন সন্থাৰ চৰাইদেউ জিলা সমিতিৰ সম্পাদক ৰাজীৱ মূৰ্মুৰ, চাওঁতাল ছাত্র সন্থাৰ বৰহাট আঞ্চলিক সমিতিৰ সম্পাদক যতীন মূৰ্মুৰে অংশগ্ৰহণ কৰে।