সাপেখাতী: বৰহাটত পাতৰ সমাজ,কেন্দ্ৰীয় সমিতিৰ উদ্যোগত 'কুটুম মিলন'ৰ সজাগতা সভাত কেন্দ্ৰীয় সমিতিৰ সম্পাদক দীপক পাতৰ
বৰহাটৰ ছুটিয়াকাৰীত পাতৰ সমাজ, চৰাইদেউ জিলা সমিতিৰ উদ্যোগত দেওবাৰে দিনৰ ১২-৩০বজাত কেন্দ্ৰীয় সমিতিৰ কুটুম মিলনৰ সন্দৰ্ভত এখন সজাগতা সভা অনুষ্ঠিত হয়।পাতৰ সমাজ চৰাইদেউ জিলা সমিতিৰ সভাপতি অমৃত পাতৰ পৌৰোহিত্বত অনুষ্ঠিত সভা খন আঁত ধৰে জিলা সমিতিৰ সম্পাদক সঞ্জয় পাতৰে।সভাত পাতৰ সমাজৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি লক্ষ্মীৰাম পাতৰ,সাংস্কৃতিক সম্পাদক চুক্ৰা পাতৰ,সহঃসম্পাদক সঞ্জীৱ পাতৰ,চুনুদ পাতৰে অংশগ্ৰহণ কৰি পাতৰ সমাজৰ নিজস্ব ৰীতি-নীতি,সাংস্কৃতিক , পৰম্পৰা সন্দৰ্ভত দুআষাৰ কয়