"মানুহে মানুহৰ বাবে" — সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ কালজয়ী গীতৰ বাণীক সৰোগত কৰি শিৱসাগৰৰ বানাক্ৰান্তৰ কাষত থিয় দিলে সমাজসেৱক ৰমেন বৰঠাকুৰ।
জাগ্ৰত প্ৰহৰী অসম, প্ৰজ্ঞা মৈত্ৰী সাহিত্য সংস্কৃতিৰ সাধনা মঞ্চ আৰু ৰ'দৰে দেশলৈ—এই তিনিটা বেচৰকাৰী সংস্থাৰ সহযোগত ৰমেন বৰঠাকুৰে শিৱসাগৰৰ মাউট গাঁৱৰ দৰকিয়াল অঞ্চলৰ বানাক্ৰান্ত পৰিয়ালসমূহৰ মাজত সাহায্য সামগ্ৰী বিতৰণ কৰে।
বানত সৰ্বস্ব হেৰুওৱা দুৰ্ভগীয়া লোকসকলক চাদৰ-মেখেলা, হাফ পেণ্ট, গেঞ্জী, ঔষধ, খোৱাপানী আদি অত্যাৱশ্যকীয় সামগ্ৰী প্ৰদান কৰি তেওঁলোকৰ দুখৰ সময়ত সহায়ৰ হাত আগবঢ়োৱা হয়।
উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত প্ৰলয়ংকাৰী বানৰ ফলত হাজাৰ হাজাৰ পৰিয়াল বিপদগ্ৰস্ত হৈ পৰিছে। বহু অঞ্চলত বানাক্ৰান্ত লোকে পিন্ধিবলৈ এজোৰ কাপোৰো নোহোৱাকৈ অতি কষ্টৰে দিন অতিবাহিত কৰিছে।
এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শিৱসাগৰ সদৰৰ পৰা বহু নিলগৰ ভিতৰুৱা অঞ্চল দৰকিয়ালত উপস্থিত হৈ সংস্থাসমূহে বানপীড়িত লোকসকলৰ কাষত থিয় দিয়ে আৰু মানৱীয় সহায় আগবঢ়ায়।
ইয়াৰ পিছতে ৰমেন বৰঠাকুৰে দিখৌ নদীৰ তীব্ৰ খহনীয়ে ৰংঘৰৰ তলাতল অঞ্চললৈ সৃষ্টি কৰা ভাবুকিৰ প্ৰেক্ষাপটত মেটেকা মাজ গাঁৱৰ মথাউৰি পৰিদৰ্শন কৰি স্থানীয় লোকৰ সৈতে মত-বিনিময় কৰে আৰু পৰিস্থিতিৰ বুজ লয়।
#Hilighteveryone #everyoneactive #nonfollowers #Ramenborthakur #Sivasagarflood