বৰপেটা জিলাত সকলো চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান আদিত সংবিধান দিৱস পালন কৰা হয়। এই উপলক্ষে নিজৰ নিজৰ কৰ্মস্থলীত সকলোৱে একগোট হৈ ভাৰতবৰ্ষৰ সংবিধানখনৰ প্ৰস্তাৱনা পাঠ কৰে। উল্লেখযোগ্য যে ১৯৪৯ ৰ আজিৰ দিনটোতে ভাৰতৰ সংবিধানখন গ্ৰহণ কৰা হৈছিল। সেই দিনটোৰ লগত সংগতি ৰাখি প্ৰতিবছৰে ২৬ নৱেম্বৰ দিনটো সংবিধান দিৱস ৰূপে পালন কৰি অহা হৈছে । বৰপেটা জিলা আয়ুক্তৰ কাৰ্যালয়তো অতিৰিক্ত জিলা আয়ুক্তৰ উপস্থিতিত সংবিধান দিৱস উপলক্ষে প্ৰস্তাৱনা পাঠ কৰা হয়।