শনিবাৰে সন্ধিয়া প্ৰায় ৭:৩০ বজাত বালিসত্ৰত আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত বসন্ত উৎসৱত উপস্থিত থাকে আছুৰ কেন্দ্ৰীয় কাৰ্যালয় সম্পাদক ভবজ্যোতি ডেকা।তদুপলক্ষে আয়োজিত কাৰ্যসূচীত অংশগ্ৰহণ কৰি বসন্ত উৎসৱ পালনৰ গুৰুত্ব সন্দৰ্ভত ভাষণ প্ৰসঙ্গত আলোকপাত কৰে।আনহাতে, একেখন মঞ্চতে আছুৰ প্ৰাক্তন উপ সভাপতি ধৰ্মেশ্বৰ দাস ,কামৰূপ জিলা সমিতিৰ সম্পাদক তৌফিকুৰ ৰহমান প্ৰমূখ্যে নেতৃবৃন্দও উপস্থিত থাকে।