সাপেখাতী: নাহৰপুখুৰীত মহিলা মৰ্চাৰ উদ্যোগত অনুষ্ঠিত নিৰ্বাচনী সভাত বিজেপিৰ যোৰহাট লোকসভাৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ পত্নী উপস্থিত
বৰহাট মণ্ডলৰ মহিলা মৰ্চাৰ উদ্যোগত নাহৰপুখুৰী পঞ্চায়তৰ ৪৫, ৪৯ আৰু ৫০নং বুথত এখন নিৰ্বাচনী সভা বুধবাৰে আবেলি ৫ বজাত অনুষ্ঠিত হয়। মণ্ডল মহিলা মৰ্চাৰ সভানেত্ৰী সংগীতা গগৈৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত যোৰহাট লোকসভাৰ বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈৰ পত্নী, জিলা বিজেপিৰ সদস্য কমল কুৰ্মী উপস্থিত থাকে। সভাত আগন্তুক নিৰ্বাচনত তপন কুমাৰ গগৈক জয়ী কৰোৱা সন্দৰ্ভত আলোচনা কৰা হয়।