সাপেখাতী: ভূঞাখাতত বৰহাট মণ্ডলৰ মহিলা মৰ্চাৰ উদ্যোগত নিৰ্বাচনী সভাত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ
বৰহাট মণ্ডলৰ মহিলা মৰ্চাৰ উদ্যোগত ভূঞাখাতত এখন নিৰ্বাচনী সভা আজি মঙ্গলবাৰে আবেলি ৫ বজাত অনুষ্ঠিত হয়। বৰহাট মণ্ডলৰ মহিলা মৰ্চাৰ সভানেতী সংগীতা গগৈ পৌৰোহিত্বত অনুষ্ঠিত সভাত মহিলা মৰ্চা,চৰাইদেউ জিলা সমিতিৰ সভানেত্ৰী পণিতা পাংগীন, জিলা সমিতিৰ সম্পাদিকা জোনমণি বৰা বৰুৱা,বৰহাট মণ্ডলৰ প্ৰাক্তন সভাপতি কমল কুৰ্মী, অংশগ্ৰহণ কৰে।সভাত আগন্তক লোক সভা নিৰ্বাচনত বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈক জয়ী কৰিবলৈ ৰাইজক আহ্বান জনায়।