মধুকুছিত শনিবাৰে সন্ধিয়া প্ৰায় ৭:৩০ বজাত হৰদত্ত বীৰদত্ত স্বৰ্ণ শাখা সাহিত্য সভাৰ ২৬ সংখ্যক বিশেষ বাৰ্ষিক অধিৱেশনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি ডঃনৃপেন্দ্ৰ নাথ তালুকদাৰে ।স্থানীয় ৰঙ্গমঞ্চত তদুপলক্ষে আয়োজিত মুকলি সভাত মূখ্য অতিথিৰূপে উপস্থিত থাকি সমবেত ৰাইজক উদ্দেশ্যী ভাষণ ৰাখে ডঃতালুকদাৰে ।আনহাতে একেখন মঞ্চতে শিশু আলোচনী কুঁহি আৰু বাৰ্ষিক মুখপত্ৰ পদুম কুৱঁৰীৰো আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়।