মৰাণ: মৰাণ অভয়পুৰীয়াৰৰ পৰা সন্ধানহীন এগৰাকী মহিলা, মৰাণ আৰক্ষী থানাত এজাহাৰ দাখিল পৰিয়ালৰ
ডিব্ৰুগড় জিলাৰ মৰাণৰ পৰা বুধবাৰৰ পৰা সন্ধানহীন হৈ আছে মৰাণ অভয়পুৰীয়াৰ মিনতি ফুকন ওৰফে জ্যোৎস্না নামৰ মহিলাগৰাকী। একমাত্ৰ দুবছৰীয়া সন্তানটিক ওচৰৰে এঘৰত থৈ ওলাই যায় আৰু তেতিয়াৰে পৰা সন্ধানহীন হৈ আছে মহিলাগৰাকী। ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে মৰাণ আৰক্ষী থানাত এজাহাৰ দাখিলৰ পাচতে তদন্ত অব্যাহত ৰাখিছে মৰাণ আৰক্ষীয়ে ।