সোণাৰি: বৰহাট চাহ বাগিচাত অসম চাহ মজদুৰ সংঘৰ শ্ৰমিকৰ সমস্যা সমাধানৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী পালন
সোণাৰিৰ বৰহাট চাহ বাগিচাত অসম চাহ মজদুৰ সংঘ,বৰহাট চাহ বাগিচাৰ শাখাই শনিবাৰে ৪-৩০বজাত শ্ৰমিকৰ বিভিন্ন সমস্যা সমূহ সমাধানৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী পালন কৰে।বাগিচাৰ শতাধিক শ্ৰমিকে কলঘৰৰ গেটৰ সন্মুখত "মালিক কৰ্তৃপক্ষৰ কাম নাই""মালিকৰ দাদাগিৰি নচলিব" "শ্ৰমিকৰ সমস্যা সমাধান কৰক"আদি বিভিন্ন শ্ল'গান দি প্ৰতিবাদ সাব্যস্ত কৰে।