সোণাৰি: সোণাৰিৰ লাকুৱাত অসম চাহ জনজাতি ছাত্র সন্থাৰ উদ্যোগত চহিদ দিৱস
উদযাপন
সোণাৰি লাকুৱাত অসম চাহ জনজাতি ছাত্র সন্থা চৰাইদেউ জিলা সমিতিৰ উদ্যোগত তথা আটুৱা,মাহমৰা, সোণাৰি আৰু সাপেখাতী শাখা সমিতিৰ সহযোগত ৩৬সংখ্যক শ্বহীদ দিৱস শুক্ৰবাৰে তিনি বজাত পালন কৰা হয়।এই উপলক্ষে শ্বহীদ তৰ্পন কৰে আটছা,চৰাইদেউ জিলা সমিতিৰ সম্পাদক অজিত উৰাঙে।আটছা চৰাইদেউ জিলা সমিতিৰ সভাপতি মানৱ বাক্তিৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত আটছা,কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সহদেৱ ধানুৱাৰ,আটছা নেতা জিতেন চৰেন,গণেশ গোৱালাৰ প্ৰমুখ্যে কেইবাজনো আটছা নেতাই অংশগ্ৰহণ কৰে।