
"তোমাৰ ওৰণিৰ আঁৰত জিলিকে উদাসী চকু " আজিও সজীৱ সেই কন্ঠ আমাৰ হৃদয়ত ।
১৯৫১ চনৰ ১৭ ছেপ্তেম্বৰত ঐতিহাসিক শিৱসাগৰৰ চৰাইদেও বাগানত জন্ম লাভ কৰিছিল পিতৃ নন্দীৰাম বুঢ়াগোঁহাই আৰু মাতৃ ভদ্ৰেশ্বৰী বুঢ়াগোঁহাই সুযোগ্য সন্তান শ্ৰদ্ধাৰ প্ৰয়াত চাৰু গোঁহাই দেৱ ।
চৰাইদেও বাগানতে প্ৰাথমিক বিদ্যালয়ত শিক্ষা জীৱনৰ পাতনি মেলি পাছত নাজিৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক আৰু পাছত শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষা উত্তীৰ্ণ হয় । বি বৰুৱা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা এইজনা মহান শিল্পীয়ে
বি বৰুৱা মহাবিদ্যালয়ত ছাত্ৰাৱস্থাত থাকোঁতেই সংগীতৰ ক্ষেত্ৰখনত বিশেষভাৱে জড়িত হৈ পৰি ১৯৭৯ চনত গুৱাহাটী আকাশবাণী কেন্দ্ৰৰ কণ্ঠশিল্পী হিচাপে স্বীকৃতি লাভ কৰিছিল । ১৯৭৯ চনত অসম চৰকাৰৰ সাহায্য আৰু পুনৰ সংস্থাপন বিভাগৰ যোগেদি চাকৰি জীৱনৰ পাতনি মেলি পিছলৈ চাহ বাগিচা শ্ৰমিক কল্যাণ বিভাগত যোগদান কৰি অধীক্ষকৰূপে ২০১১ চনৰ ছেপ্টেম্বৰত অৱসৰ গ্ৰহণ কৰে ।
২০০ৰো অধিক গীতত কণ্ঠদান কৰাৰ উপৰিও তেখেত দুকুৰিৰো অধিক গীত ৰচনা কৰে। সংগীতৰ ক্ষেত্ৰত তেওঁক সুধাকন্ঠ ড. ভূপেন হাজৰিকা আৰু জয়ন্ত হাজৰিকাই বিশেষ ভাবে প্ৰভাৱিত কৰিছিল । জয়ন্ত হাজৰিকাৰ লগত তেওঁ বিভিন্ন মঞ্চত গীটাৰ বজাইছিল । আজি এইজনা মহান শিল্পীক তেখেতৰ ওপজা দিনত গভীৰ ভাবে সুঁৱৰি শ্ৰদ্ধাঞ্জলি জনালোঁ ।
,
,
,
#highlightsシ゚ #photochallenge #PhotoEditingChallenge #photographychallenge
#highlight