Public App Logo
Jansamasya
News
Maharashtra
Bjp
National
Police
Bihar
बिहार
कांग्रेस
Congress
Modi
Delhi
Viral
Jharkhand
Up
अमित_शाह
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Pmmodi
Rahulgandhi
यूपी
Uttarpradesh
Haryana
Cricket
Lucknow
Uttarakhand
Sambalpur
Crimenews

ৰাষ্ট্ৰীয় বয়োশ্ৰী যোজনা আৰু ADIP আঁচনিৰ অধীনত লাহৰীঘাটত নিৰীক্ষণ তথা পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়।মৰিগাঁও জিলা প্ৰশাসন, মহিলা আৰু শিশু উন্নয়ন বিভাগ তথা ALIMCO-ৰ সহযোগত আজি মৈৰাবাৰী সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত ৰাষ্ট্ৰীয় বয়োশ্ৰী যোজনা (Rashtriya Vayoshri Yojana) আৰু ADIP আঁচনিৰ অধীনত এক বিশেষ পৰীক্ষা আৰু মূল্যায়ন শিবিৰ অনুষ্ঠিত হয়।উক্ত শিবিৰত শাৰীৰিক অসুবিধা বা বয়সজনিত সমস্যাত ভুগি থকা জেষ্ঠ্য নাগৰিকসকলক ৰাষ্ট্ৰীয় বয়োশ্ৰী যোজনাৰ অধীনত পৰীক্ষা কৰা হয়। একেদৰে ADIP আঁচনিৰ অধীনত বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ স্বাস্থ্য পৰীক্ষা আৰু প্ৰয়োজনীয় মূল্যায়ন সম্পন্ন কৰা হয়।শিবিৰত উপস্থিত বিশেষজ্ঞ দলটোৱে হিতাধিকাৰীসকলৰ স্বাস্থ্যজনিত অৱস্থা আৰু দৈনন্দিন জীৱনত সন্মুখীন হোৱা অসুবিধাসমূহ পৰ্যবেক্ষণ কৰি তেওঁলোকৰ বাবে কেনে ধৰণৰ সহায়ক সঁজুলি—যেনে হুইলচেয়াৰ, শ্ৰৱণ যন্ত্ৰ, ৱাকিং ষ্টিক, ক্ৰাচ, ত্ৰিচাইকেল আদি—প্ৰয়োজন হ’ব পাৰে, তাৰ মূল্যায়ন কৰে। এই বাছনিৰ ভিত্তিত পৰৱৰ্তী সময়ত যোগ্য হিতাধিকাৰীসকলক বিনামূলীয়াকৈ এই সঁজুলিসমূহ প্ৰদান কৰা হ’ব। উল্লেখ্য যে, মৰিগাঁও জিলাত ২৯ মে’ৰ পৰা ৮ জুনলৈকে এনে মূল্যায়ন শিবিৰ অনুষ্ঠিত হৈ আছে। আজি মৈৰাবাৰী সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনস্থ মৰিগাঁও জিলাৰ বিভিন্ন অঞ্চলৰ মুঠ ১২০ জন হিতাধিকাৰীৰ পৰীক্ষা সম্পন্ন কৰা হয়।লাহৰীঘাট উন্নয়ন খণ্ডৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা শিবিৰৰ সফল পৰিচালনাত মৈৰাবাৰী সংহত শিশু উন্নয়ন প্ৰকল্পৰ চুপাৰভাইজাৰ শ্ৰীমতী বিনিতা বেজ আৰু শ্ৰীমতী এলিজা বেগমে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। লগতে ALIMCO-ৰ সম্পূৰ্ণ বিষয়া দলটোৱে উপস্থিত থাকি পৰীক্ষা আৰু মূল্যায়ন কাৰ্য সুচাৰুৰূপে সম্পন্ন কৰে। এই পদক্ষেপে জেষ্ঠ্য নাগৰিক আৰু বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ জীৱনধাৰণ অধিক সহজ, স্বাৱলম্বী আৰু আৰামদায়ক কৰি তোলাত বিশেষ সহায়ক হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে।

Laharighat, Morigaon | Jun 3, 2026

MORE NEWS

২৫ বছৰৰ অপেক্ষাৰ অন্তত পুনৰ নিৰ্মাণ হ’ব হাঁহচৰা বড়ীৰ পকী দলং

 ২০০১ চনত ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ বানপানীয়ে উৰুৱাই নিয়া নগাঁও–ভূৰাগাঁও গড়কাপ্তানী পথৰ হাঁহচৰা বড়ীৰ ৩৭/১ নম্বৰৰ পকী দলংখন অৱশেষত পুনৰ নিৰ্মাণৰ দিশে আগবাঢ়িছে। প্ৰায় ২৫ বছৰৰ দীঘলীয়া অপেক্ষাৰ অন্তত অসম চৰকাৰৰ উদ্যোগত আৰু বিশ্ব বেংকৰ অৰ্থ সাহায্যত এই গুৰুত্বপূৰ্ণ দলংখন নিৰ্মাণৰ প্ৰস্তুতি আৰম্ভ হৈছে।প্ৰায় ৬০ মিটাৰ দৈৰ্ঘ্যৰ এই দলংখন নিৰ্মাণৰ বাবে বিশ্ব বেংকে ইতিমধ্যে প্ৰয়োজনীয় ধন অনুমোদন কৰিছে। মৰিগাঁও লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ একান্ত প্ৰচেষ্টাত এই দলংখন পুনৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছে। নিৰ্মাণ প্ৰক্ৰিয়াক ত্বৰান্বিত কৰাৰ লক্ষ্যৰে আজি মৰিগাঁও লোক নিৰ্মাণ বিভাগৰ মৰিগাঁও ক্ষেত্ৰীয় সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা ইস্তীয়াক আহমেদৰ নেতৃত্বত সহকাৰী অভিযন্তা ছফিকুল ইছলাম, কবিৰ প্ৰসাদ ডেকা আৰু বিভাগটোৰ আন বিষয়ববীয়াসকলে স্থান পৰিদৰ্শন কৰি প্ৰয়োজনীয় পৰীক্ষা-নিৰীক্ষা সম্পন্ন কৰে।পৰিদৰ্শন কালত অভিযন্তাসকলে মাটিৰ গুণাগুণ পৰীক্ষা কৰাৰ লগতে দলংখনৰ ডিজাইন আৰু ড্ৰয়িং প্ৰস্তুতৰ কামো প্ৰায় সম্পূৰ্ণ হোৱা বুলি জানিবলৈ দিয়ে। শীঘ্ৰেই নিৰ্মাণ কাৰ্য আৰম্ভ হোৱাৰ সম্ভাৱনা আছে।
উল্লেখযোগ্য যে, ২০০১ চনৰ বিধ্বংসী বানপানীত দলংখন ধ্বংস হোৱাৰ পাছৰে পৰা মৈৰাবাৰী, লাহৰীঘাট, ভূৰাগাঁও আদি অঞ্চলৰ হাজাৰ হাজাৰ লোক যাতায়াতৰ ক্ষেত্ৰত চূড়ান্ত দুৰ্ভোগৰ সন্মুখীন হৈ আহিছে। বিশেষকৈ শিক্ষাৰ্থী, ৰোগী, কৃষক আৰু ব্যৱসায়ীসকলে বিকল্প পথেৰে দীঘলীয়া দূৰত্ব অতিক্ৰম কৰিবলগীয়া হৈছিল।স্থানীয় ৰাইজে বহু বছৰ ধৰি দলংখন পুনৰ নিৰ্মাণৰ দাবী উত্থাপন কৰি আহিছিল। অৱশেষত সেই দাবী বাস্তৱৰ  দিশে আগবঢ়াত অঞ্চলজুৰি আনন্দৰ জোৱাৰ দেখা গৈছে।ৰাইজৰ মতে, দলংখন নিৰ্মাণ সম্পূৰ্ণ হ’লে মৈৰাবাৰী, লাহৰীঘাট, ভূৰাগাঁও আৰু সংলগ্ন বিস্তীৰ্ণ অঞ্চলৰ যোগাযোগ ব্যৱস্থা অধিক সুদৃঢ় হোৱাৰ লগতে শিক্ষা, স্বাস্থ্য, কৃষি আৰু বাণিজ্য ক্ষেত্ৰতো নতুন গতি সঞ্চাৰ হ’ব।

২৫ বছৰৰ অপেক্ষাৰ অন্তত পুনৰ নিৰ্মাণ হ’ব হাঁহচৰা বড়ীৰ পকী দলং ২০০১ চনত ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ বানপানীয়ে উৰুৱাই নিয়া নগাঁও–ভূৰাগাঁও গড়কাপ্তানী পথৰ হাঁহচৰা বড়ীৰ ৩৭/১ নম্বৰৰ পকী দলংখন অৱশেষত পুনৰ নিৰ্মাণৰ দিশে আগবাঢ়িছে। প্ৰায় ২৫ বছৰৰ দীঘলীয়া অপেক্ষাৰ অন্তত অসম চৰকাৰৰ উদ্যোগত আৰু বিশ্ব বেংকৰ অৰ্থ সাহায্যত এই গুৰুত্বপূৰ্ণ দলংখন নিৰ্মাণৰ প্ৰস্তুতি আৰম্ভ হৈছে।প্ৰায় ৬০ মিটাৰ দৈৰ্ঘ্যৰ এই দলংখন নিৰ্মাণৰ বাবে বিশ্ব বেংকে ইতিমধ্যে প্ৰয়োজনীয় ধন অনুমোদন কৰিছে। মৰিগাঁও লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ একান্ত প্ৰচেষ্টাত এই দলংখন পুনৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছে। নিৰ্মাণ প্ৰক্ৰিয়াক ত্বৰান্বিত কৰাৰ লক্ষ্যৰে আজি মৰিগাঁও লোক নিৰ্মাণ বিভাগৰ মৰিগাঁও ক্ষেত্ৰীয় সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা ইস্তীয়াক আহমেদৰ নেতৃত্বত সহকাৰী অভিযন্তা ছফিকুল ইছলাম, কবিৰ প্ৰসাদ ডেকা আৰু বিভাগটোৰ আন বিষয়ববীয়াসকলে স্থান পৰিদৰ্শন কৰি প্ৰয়োজনীয় পৰীক্ষা-নিৰীক্ষা সম্পন্ন কৰে।পৰিদৰ্শন কালত অভিযন্তাসকলে মাটিৰ গুণাগুণ পৰীক্ষা কৰাৰ লগতে দলংখনৰ ডিজাইন আৰু ড্ৰয়িং প্ৰস্তুতৰ কামো প্ৰায় সম্পূৰ্ণ হোৱা বুলি জানিবলৈ দিয়ে। শীঘ্ৰেই নিৰ্মাণ কাৰ্য আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে, ২০০১ চনৰ বিধ্বংসী বানপানীত দলংখন ধ্বংস হোৱাৰ পাছৰে পৰা মৈৰাবাৰী, লাহৰীঘাট, ভূৰাগাঁও আদি অঞ্চলৰ হাজাৰ হাজাৰ লোক যাতায়াতৰ ক্ষেত্ৰত চূড়ান্ত দুৰ্ভোগৰ সন্মুখীন হৈ আহিছে। বিশেষকৈ শিক্ষাৰ্থী, ৰোগী, কৃষক আৰু ব্যৱসায়ীসকলে বিকল্প পথেৰে দীঘলীয়া দূৰত্ব অতিক্ৰম কৰিবলগীয়া হৈছিল।স্থানীয় ৰাইজে বহু বছৰ ধৰি দলংখন পুনৰ নিৰ্মাণৰ দাবী উত্থাপন কৰি আহিছিল। অৱশেষত সেই দাবী বাস্তৱৰ দিশে আগবঢ়াত অঞ্চলজুৰি আনন্দৰ জোৱাৰ দেখা গৈছে।ৰাইজৰ মতে, দলংখন নিৰ্মাণ সম্পূৰ্ণ হ’লে মৈৰাবাৰী, লাহৰীঘাট, ভূৰাগাঁও আৰু সংলগ্ন বিস্তীৰ্ণ অঞ্চলৰ যোগাযোগ ব্যৱস্থা অধিক সুদৃঢ় হোৱাৰ লগতে শিক্ষা, স্বাস্থ্য, কৃষি আৰু বাণিজ্য ক্ষেত্ৰতো নতুন গতি সঞ্চাৰ হ’ব।

Laharighat, Morigaon | Jun 22, 2026

মৰিগাঁৱৰ ৰাণী ইটাভাটাত নিজৰ এখন গাড়ী ভাড়াত দি বিপদত পৰিছে লাহৰীঘাটৰ টেঙাগুৰিৰ এই গৰাকী ছিদ্দিক আলী।লাহৰীঘাট আৰক্ষীৰ দুৱাৰে-দুৱাৰে ঘূৰিও কোনো ধৰণৰ ন্যায় নোপোৱাৰ অভিযোগ! আজি ভুক্তভোগীয়ে এখনি সংবাদ মেলৰ আয়োজন কৰি তীব্ৰ ক্ষোভ প্ৰকাশ কৰে।

মৰিগাঁৱৰ ৰাণী ইটাভাটাত নিজৰ এখন গাড়ী ভাড়াত দি বিপদত পৰিছে লাহৰীঘাটৰ টেঙাগুৰিৰ এই গৰাকী ছিদ্দিক আলী।লাহৰীঘাট আৰক্ষীৰ দুৱাৰে-দুৱাৰে ঘূৰিও কোনো ধৰণৰ ন্যায় নোপোৱাৰ অভিযোগ! আজি ভুক্তভোগীয়ে এখনি সংবাদ মেলৰ আয়োজন কৰি তীব্ৰ ক্ষোভ প্ৰকাশ কৰে।

Laharighat, Morigaon | Jun 22, 2026