ABVP-ৰ ওদালগুৰি জিলা সমিতি ঘোষণা
অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ (ABVP), অসম প্ৰান্তৰ দ্বিতীয় ৰাজ্যিক প্ৰশিক্ষণ শিবিৰ যোৱা ২৭ জুনৰ পৰা ৩০ জুনলৈ ৰঙিয়া মহাবিদ্যালয়ত অনুষ্ঠিত হয়। এই শিবিৰতে ২০২৬-২৭ বৰ্ষৰ ABVP-ৰ ওদালগুৰি জিলা সমিতিখন আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়।
নৱগঠিত সমিতিত জুমন বৰুৱাক জিলা প্ৰমুখ, প্ৰণয় শইকীয়াক জিলা সংযোজক আৰু লিখনা হাজংক জিলা ছাত্ৰী প্ৰমুখ হিচাপে দায়িত্ব অৰ্পণ কৰা হয়।
ইয়াৰোপৰি, ওদালগুৰিৰ পূৰ্বৰ জিলা প্ৰমুখ জয়ন্ত কুমাৰ নাথক তেজপুৰ বিভাগৰ (বিশ্বনাথ, শোণিতপুৰ, ওদালগুৰি আৰু দৰং) বিভাগ প্ৰমুখ হিচাপে নতুন দায়িত্ব প্ৰদান কৰা হয়।